
সোণাৰি কমাৰ্চ কলেজৰ গ্ৰন্থাগাৰ আৰু অসমীয়া বিভাগৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিবস উদযাপন কৰা হয়। এই অনুষ্ঠানত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড' বিপুল দে ডাঙৰীয়াই। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰ ওপৰত বক্তব্য ৰাখে বিশিষ্ট সমাজকৰ্মী, ক্ৰীড়া সংগঠক স্বপন কৰ, সহকাৰী অধ্যাপক জয়ন্ত ফুকন আৰু বেঙেনাবাৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষা মল্লিকা শইকীয়াই । অনুষ্ঠানটিৰ আঁত ধৰে গ্ৰন্থাগাৰিক ড' বিনীতা শইকীয়াই ।